নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনী, নগাঁৱৰ তত্বাৱধানত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা শনিবাৰে ৰাইদঙীয়াত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

ৰাইদঙীয়া ৰাজহুৱা মঞ্চত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্বত কৰে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাসে। কৃষি ছাত্ৰ মানস প্ৰতীম চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে নৱ-প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হৈ আধুনিক প্ৰযুক্তিৰে কৃষি কৰ্মত মনোনিৱেশ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায়।

মুখ্য অতিথিৰ ভাষণত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ কৃষি বিজ্ঞান গুৰু ডঃ জয়ন্ত ডেকাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষকসকলৰ উত্পাদন বৃদ্ধিৰ বাবে লোৱা বিভিন্ন আঁচনিৰ বিষয়ে বিশ্লেষণ কৰে। 

অনুষ্ঠানৰ লগত সংগতি ৰাখি গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ৰ ছাত্ৰ-ছাত্ৰী সকলৰদ্বাৰা প্ৰকাশিত 'অংকুৰ' শীৰ্ষক এখনি কৃষি ভিত্তিক আলোচনী উন্মোচন কৰা হয়। সত্ৰীয়া নৃত্য, ভূপেন্দ্ৰ সংগীত আদি বিভিন্ন অনুষ্ঠানৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ তত্ত্বাৱধায়ক বিজ্ঞানী ডঃ ইদ্ৰিছ আলী শ্বেখ, মহকুমা কৃষি বিষয়া দীপক বাঢ়ৈ, কৃষি ছাত্ৰ মানস প্ৰতীম নাথে ভাষণ প্ৰদান কৰে।

গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ডঃ কৌশিক দাস, অধ্যাপিকা ডঃ অপৰাজিতা বৰা, ডঃ বৰ্ণালী মহন্ত, ডঃ নগেন শৰ্মা বৰুৱা, ডঃ সমীৰণ দত্ত, কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ নাথ, আইভেটি পহুকটা গাঁৱৰ গাঁওবুঢ়া দুলুমনি বৰা, কৃষি বিশ্ববিদ্যালয় বিষয়া কৰ্মচাৰী, স্থানীয় কৃষক সমন্বিতে প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা আয়োজিত এখনি কৃষি প্ৰদৰ্শনীও অনুষ্ঠিত হয়।

যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গ্ৰাম্য কৃষি কৰ্মৰ অভিজ্ঞতা আঁচনিৰ ২০১৮ অংশ ৰূপে বিগত চাৰি মাহৰপৰা ৰাইদঙীয়াৰ আইভেটী আৰু পহুকটা গাঁৱত বাহৰ পাতি স্থানীয় কৃষকসকলক খেতিৰ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিভিন্ন তথ্য যোগান ধৰিছে। ছাত্ৰ-ছাত্রীসকলৰ এনে গঠনমূলক প্ৰদক্ষেপক অঞ্চলবাসী ৰাইজে একেমুখে ভূয়সী প্ৰশংসা কৰিছে।