138
জয়ন্ত মুদৈ, নগাঁওঃ বসন্তৰ আগমনৰ লগে লগেই প্ৰকৃতিয়ে ন-সাজ পিন্ধি ব’হাগত আদৰণি জনোৱাৰ সময়তে অসমীয়া সমাজত আদৰ বাঢ়ে সকলোৰে পৰিচিত ৰঙচুৱা পতংগ ‘আমৰলি’ কেইটাৰ৷ কিয়নো, আমৰলি টোপ কেৱল সু-স্বাদুয়েই নহয়, বৰং ই মহৌষধো৷
জনবিশ্বাস মতে, বসন্ত ঋতুত আমৰলি টোপ ভক্ষণ কৰিলে বসন্ত ৰোগৰ উপৰি আন আন বহু ৰোগৰপৰা পৰিত্ৰাণ পাব পাৰি৷ কাজেই, গৰুবিহুৰ দিনাখন স্বাভাবিকতেই অসমীয়াৰ মাজত আমৰলি টোপ ভক্ষণৰ বাবে তৎপৰতা বৃদ্ধি পোৱা দেখা যায়৷