66
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিৰ নাট্যশ্ৰী উমাৰাম কাকতি নাট্য চ’ৰাত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ১০ মে’ত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে ডিমৌ চাৰিআলি আঞ্চলিক ৰঙালী বিহু উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে৷
এই মৰ্মে উৎসৱটি সুচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে ইতিমধ্যে লক্ষ্মীকান্ত দাসক সভাপতি, ৰাজীৱ দাসক কাৰ্যকৰী সভাপতি আৰু চানু ডেকাক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।