গুৱাহাটীঃ চিলাপথাৰ কাণ্ডৰ দ্বিতীয় সংস্কৰণৰ বিৰুদ্ধে জাগিছে ৰাজ্যৰ সাধাৰণ ৰাইজ৷ চিলাপথাৰ কাণ্ডৰ ছেকেণ্ড পাৰ্ট নগাঁও কাণ্ড আৰু ভয়ানক বুলি কৈ তেজ গৰম কৰিছে থলুৱা লোকসকলে৷ দল-সংগঠনৰ লগতে প্ৰাক্তন আলফাৰ নেতা-কৰ্মী ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহে৷ যাৰ বাবে উত্তাল হৈ পৰিছে ৰাজ্য৷
একাংশ লোকে বিজেপি চৰকাৰ অহাৰ পাছৰে পৰা অনা-অসমীয়াৰ দপদপনি বঢ়া বুলি কৈ অসমীয়াক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা বুলি কয়৷ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সুবিধাজনক স্থিতিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বাংলাভাষী লোকে আক্ৰমণ কৰি ছহিদ বেদী ভাঙি পেলেৱাৰ লগতে কাৰ্যালয়ৰ আচবাব, মটৰচাইকেল ভাঙি চুৰমাৰ কৰিছিল।