চাংসাৰিঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ শিক্ষা, স্বাস্থ্য, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যক এইবাৰ উভতি ধৰিছে অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছ’চিয়েছন চমুকৈ ‘আইৰা’ৰ অসম ৰাজ্যিক সমিতিয়ে৷ সাংবাদিক সংগঠনটোৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কেইবাটাও বক্তব্যক উভতি ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমীয়া জাতিক ভাগ ভাগ কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন কৰে?
ইমানে নহয় সংগঠনটোৱে বৰাক উপত্যকা, হোজাই অসমৰ অংগ নহয় নেকি? বৰাক উপত্যকা আৰু হোজাইত অসমীয়া মানুহ নাই নেকি বুলি প্ৰশ্ন কৰি উত্তৰ বিছাৰে৷ মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান জনাই সংগঠনটোৱে অসমীয়াৰ ভোটেৰে যদি বিজেপি জয়ী হোৱা নাছিল তেন্তে আপুনি একমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰক বুলি মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান জনাই অসমত অসমীয়াৰ শক্তি কিমান তেতিয়া আপুনি উপলদ্ধী কৰিব বুলি কটাক্ষ কৰে প্ৰভাৱশালী মন্ত্ৰী হিমন্তক।