নগাঁওঃ নগাঁৱৰ হাতীচোং কমাৰচুকত পুঁৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ১,২ আৰু ২০ ব’হাগত ৩৪ তম্ কমাৰচুক ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। ২০ ব’হাগত পুৱা বিধ্বংসী ফনিৰ বাবে সৃষ্ট হোৱা প্ৰতিকূল বতৰকো নেওচি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য, বেশ-ভূষাৰ সমাহাৰেৰে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটো প্ৰদক্ষিণ কৰে৷
এই শোভাযাত্ৰাই সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। শোভাযাত্ৰা অন্ত পৰাৰ লগে-লগেই প্ৰলয়ংকাৰী ফনিৰ বিধ্বংসী ৰূপৰ বাবে সমিতিয়ে সকলো অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয় আৰু ৯ মে’ত অনুষ্ঠান সমূহ পুনৰ অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷