জয়ন্ত মুদৈ, নগাঁওঃ গান্ধী পৰিয়ালৰ অক্ষত দুৰ্গ আমেথি লোকসভা সমষ্টিৰ দৰে ৰাজ্যৰ ৰাজনীতিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে বিগত প্ৰায় কেইবাটাও দশক ধৰি কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ধ্বজাখন এইবাৰ হাতত তুলি ধৰিছে অসম গণ পৰিষদৰ নেতা, মন্ত্ৰী কেশৱ মহন্তই।
সংসদীয় সমষ্টিটোত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে কেইবা দশক ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজ পৰিয়ালৰ দখলত ৰাখিছে। প্ৰথম তৰুণ গগৈয়ে নিজে, পাছত তেওঁৰ ভাতৃ দ্বীপ গগৈয়ে আৰু ২০১৪ ত পুত্ৰ গৌৰৱ গগৈক কংগ্ৰেছৰ টিকটৰে কলিয়াবৰ লোকসভা সমষ্টিৰপৰা সাংসদ হিচাবে নিৰ্বাচিত কৰাবলৈ সক্ষম হৈছে।