59
নগাঁওঃ গীত-মাত-কবিতাৰে মুখৰিত হৈ পৰিল নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটী । সামাজিক-সাংস্কৃতিক অনুষ্ঠান ’সৃষ্টি’ৰ উদ্যোগত মাহৰিআটীৰ হৰিহৰ দেৱালয়ৰ চৌহদত দেওবাৰে বিয়লি অনুষ্ঠিত হয় ’কণ্ঠধ্বনি’ নামৰ এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান।
মাহৰিআটীৰ প্ৰাচীন হৰিহৰ দেৱালয়ৰ পুখুৰীৰ পাৰৰ অৰ্জুন আৰু বকুল গছৰ তলত অনুষ্ঠিত হোৱা এই ভিন্নসুৰী অনুষ্ঠানটিৰ মাটিৰ গোন্ধ থকা বিহুগীত গাই শুভাৰম্ভ কৰে লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধিয়ে।