নগাঁওঃ গীত-মাত-কবিতাৰে মুখৰিত হৈ পৰিল নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটী । সামাজিক-সাংস্কৃতিক অনুষ্ঠান ’সৃষ্টি’ৰ উদ্যোগত মাহৰিআটীৰ হৰিহৰ দেৱালয়ৰ চৌহদত দেওবাৰে বিয়লি অনুষ্ঠিত হয় ’কণ্ঠধ্বনি’ নামৰ এটি ব্যতিক্ৰমধৰ্মী অনুষ্ঠান।

মাহৰিআটীৰ প্ৰাচীন হৰিহৰ দেৱালয়ৰ পুখুৰীৰ পাৰৰ অৰ্জুন আৰু বকুল গছৰ তলত অনুষ্ঠিত হোৱা এই ভিন্নসুৰী অনুষ্ঠানটিৰ মাটিৰ গোন্ধ থকা বিহুগীত গাই শুভাৰম্ভ কৰে লোক সংস্কৃতিৰ গৱেষক বিষ্ণুৰাম মেধিয়ে।

সাংবাদিক জ্যোতি প্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানটিত শিল্পী আতিকুৰ ৰহমান, দীপক দাস, জিতু শ্ৰাৱন, কুমাৰ কিশোৰ, অভিজিৎ ৰাগ, দূৰ দিগন্ত, নিৰ্মালী শইকীয়াই, কীৰ্তি কৃষ্টি বৰা, দীপ বেজবৰাই চিৰসেউজ গীত পৰিৱেশন কৰি জীপাল কৰি তোলাৰ বিপৰীতে কণমানি ভায়লিনা শৰ্মাই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সম্পৰ্কে তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

ইফালে সৃষ্টিৰ সভাপতি তথা বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, সম্পাদক দুষ্মন্ত বৰা আদিকে ধৰি সকলো বিষয়-ববীয়া উপস্থিত থকা এই অনুষ্ঠানটিত ডিমৰীয়া কলেজৰ অধ্যাপক মোহিনী মোহন ডেকা, শিক্ষক ৰজত মুদৈ, সমাজকৰ্মী বকুল বৰাই সমাজ আৰু সংস্কৃতিৰ সম্পৰ্কে তাত্বিক বক্তব্য প্ৰদান কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে।

চন্দ্ৰমোহন শৰ্মা, বীৰু শইকীয়া, পংকজ বৰাই কবিতা পাঠ কৰা এই অনুষ্ঠানটিতে নাট্যকৰ্মী নবীন বৰা আৰু ধ্ৰুৱজ্যোতি বৰঠাকুৰে নাটকৰ সংলাপ প্ৰক্ষেপ কৰি এক নাটকীয় পৰিৱেশৰো সৃষ্টি কৰে। বাদ্যযন্ত্ৰী শিল্পী মুকুল বৰা, গুণকান্ত দাস, পদুম বৰাই বাদ্যযন্ত্ৰ সংগত কৰা এই অনুষ্ঠানটিত বহু কেইগৰাকী শিল্পী-সাহিত্যিক উপস্থিত থকাৰ লগতে অঞ্চলটোৰ বিভিন্নজন ব্যক্তিয়ে অংশ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।