77
জয়ন্ত মুদৈ, নগাঁওঃ চাওঁতে চাওঁতে সংগোপনে মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু৷ প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত৷
সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোলমোলাই পৰিছে অসমীয়াৰ পদূলি৷ এই দেহ-মন উজ্বলি উঠা ব’হাগ বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে কপৌফুল৷ ঢুলীয়াৰ ঢোল-পেঁপাৰ শব্দত নাচি উঠা নাচনীৰ খোপা ব’হাগৰ বতৰত শুৱনি কৰে মনোমোহা কপৌফুল পাহে৷