নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত থকা তিনিশ বছৰীয়া পুৰণি ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানৰ নৱনিৰ্মিত মণিকূটৰ মূলখুঁটা আৰু কীৰ্তন ঘৰৰ লাইখুঁটা স্থাপনৰ অনুষ্ঠানটো সোমবাৰে এক মাংগলিক কাৰ্যসূচীৰে গাম্ভীযপূৰ্ণ পৰিৱেশত সম্পন্ন কৰা হয়।
এশ ত্রিশ গৰাকী মহিলাৰ ঘোষা-বন্দনা তথা আয়তীৰ উৰুলি, নাম-প্ৰসংগ, শংখ আৰু ৰাইজৰ হৰি ধ্বনিৰ সমাহাৰে অঞ্চলৰ প্ৰায় পাঁচ শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মুখৰিত হোৱা এক মাংগলিক পৰিৱেশত নৰোৱা কুঁজিসত্রৰ সত্ৰাধিকাৰ মুহিত চন্দ্ৰ দেৱগোস্বামীয়ে মনিকূটভাগৰ মূলখূঁটা স্থাপন কৰে।