নগাঁওঃ বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ‘ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকাৰী দিৱস’টি নগাঁও আইন মহাবিদ্যালয়ত উদযাপন কৰা হয়। সেইউপলক্ষে আইন মহাবিদ্যালয়ত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।
সভাখনি সঞ্চালনা কৰে আইন মহাবিদ্যালয়ৰ অধ্যক্ষা সুজাতা ভট্টাচাৰ্যীয়ে। সভাখনিত নিদিষ্ট বক্তা হিচাপে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাং আৰু সমল ব্যক্তি হিচাপে অধিৱক্তাদ্বয় ৰূপালী গোস্বামী আৰু শ্বাহনাজ চুলতানা উপস্থিত থাকি ছাত্র-ছাত্রী সকলক আইনৰ বিভিন্ন ধাৰাৰ লগতে বৰ্তমান সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ সন্দৰ্ভত সাৰুৱা বক্তব্য আগবঢ়ায়।