108
নগাঁওঃ লংকাৰ উদালীৰ মনেশ্বৰ নাথ নামৰ ৪৮ বছৰীয়া এজন লোক যোৱা ১৩ মাৰ্চৰপৰা সন্ধানহীন হৈ আছে। নগাঁৱৰ কাছমাৰীৰ ভতিজাকৰ ঘৰৰপৰা নিজ গৃহ লংকালৈ বুলি ওলাই অহাৰ পাছৰেপৰা লোকজন সন্ধানহীন হৈ আছে।
৫ ফুট ৬ ইঞ্চি উচ্চতাৰ বগা বৰণৰ এই নিৰুদিষ্ট লোকজনৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে লোকজনৰ কোনো সন্ধান ওলোৱা নাই।