নগাঁওঃ নগাঁৱৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰট্টেনচিয়েল একাডেমীৰ উদ্যোগত শনিবাৰৰেপৰা আৰম্ভ হৈছে ফেশ্ব’ন ডিজাইন আৰু মেক-আপ আৰ্টিষ্টৰ এক প্ৰশিক্ষণ শিবিৰ। অসম চৰকাৰৰ দক্ষতা বিকাশ আঁচনিৰ অধীনত এই স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে অনুষ্ঠিত কৰা এই শিবিৰত যুৱক-যুৱতীয়ে আঠ মাহ আৰু তিনি মাহৰ বিনামূলীয়া প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব।
আজি সংগঠনটোৰ নগাঁও চহৰৰ পানীগাঁও ছয়আলিস্থিত কাৰ্যালয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নগাঁও পৌৰ সভাৰ এন এল ইউ এমৰ লয়া ভূঞাই ফিটা কাটি প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বন্তি প্ৰজ্জ্বলন কৰে সমাজ সেৱিকা চফিয়া চুলতানাই।