Home অন্যান্য খবৰনগাঁৱৰ নমামি মহোৎসৱত সোণোৱাল, উন্মোচিত মহাবাহু

নগাঁৱৰ নমামি মহোৎসৱত সোণোৱাল, উন্মোচিত মহাবাহু

by News Desk
52 views
A+A-
Reset

নগাঁওঃ নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ লগতে কেইবাজনো সতীৰ্থ মন্ত্ৰী আৰু বিধায়কক সংগী হিচাপে লৈ ভাগ লোৱা মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত মহাবাহু ব্ৰহ্মপুত্ৰক আধাৰ হিচাপে লৈ অসমীয়া জাতিক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ জাতি ৰূপে প্ৰতিষ্ঠিত কৰিব লাগিব বুলি উল্লেখ কৰে।  

নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ জৰিয়তে অসমখনক সৰ্বদিশতে বিজ্ঞানসন্মতভাৱে বিকাশৰ প্ৰয়াস কৰা হৈছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ তদুপৰি অসমৰ গাঁওসমূহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁওসমূহক ভিলেজ ট্যুৰিজিম হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়৷ এই অনুষ্ঠানতে নমামি ব্ৰহ্মপুত্ৰ উৎসৱ উপলক্ষ্যে নগাঁও জিলা প্ৰশাসনে প্ৰকাশ কৰি উলিওৱা ‘মহাবাহু’ শীৰ্ষক স্মৃতিগ্ৰন্থখনি মুখ্যমন্ত্ৰী সোণোৱালে উন্মোচন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0