নগাঁওঃ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শংকৰ আজান মণ্ডল সমিতিৰ সহযোগত শুকুৰবাৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে নগাঁও জিলাৰ দলংঘাটত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়।
সেই মৰ্মে পুৱা ১১ বজাত সমাজসেৱিকা দিপ্তী সেনাপতিৰ পৌৰহিত্যত দলংঘাট বজাৰৰ সভাগৃহত অনুষ্ঠিত সভাত অসম প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সদস্যা তথা নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই অংশগ্ৰহণ কৰি কয় যে ‘ৰাষ্ট্ৰসংঘই ১৯৭৫ চনৰ ৮ মাৰ্চত নাৰী দিৱস হিচাপে ঘোষণা কৰি নাৰীৰ সন্মান, সুৰক্ষা, সম-অধিকাৰৰ দিন হিচাপে পৰিগণিত কৰিছিল৷ কিন্তু বৰ্তমান সময়ত নাৰীসকল সম-অধিকাৰৰপৰা বঞ্চিত হৈ থকাৰ লগতে পদে পদে লাঞ্ছনা সহি থাকিব লগা হৈছে।’