নগাঁওঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রণালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰই “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” নীতিক সাৰোগত কৰি আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ কৰা বাগ্মীতা প্ৰতিযোগীতা খন নগাঁও জিলাত সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ “স্বদেশানুৰাগ আৰু ৰাষ্ট্ৰ নিৰ্মান” এই বিষয় বস্তুলৈ আৰম্ভ হোৱা এই প্ৰতিযোগীতাত নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পঞ্চাশৰো অধিক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে ৷ নগাঁও প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্ৰতিযোগীতাত বিচাৰক হিচাপে অংশ গ্ৰহন কৰে নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপক ড০ দিলীপ শৰ্ম্মা,পৰ্দাথ বিজ্ঞান বিভাগৰ প্ৰবক্তা হৰেশ্বৰ শইকীয়া আৰু নগাঁও জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান সমূহৰ পৰাৰ্মশদাতা ৰনদ্বীপ নন্দীয়ে ৷ বিশিষ্ট ক্ৰীড়া সংগঠক তথা নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ প্ৰাক্তন উত্তৰ পূৰ্বৰ সমন্বয়ৰক্ষী বিষয়া ঘনশ্যাম হাজৰিকাই শুভাৰম্ভ কৰা এই প্ৰতিযোগীতাত যথাক্ৰমে প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে প্ৰলয় কুমাৰ বড়ো, মুহিত কুমাৰ গিৰি আৰু ৰোহিত কুমাৰ গিৰিয়ে ৷