নগাঁওঃ বৰ্তমান উজনি-নামনি সকলোতে সহজলভ্য ড্ৰাগছ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰৰপৰা এই নিচা গুৱাহাটীতো বাদেই, মফছলীয়া চহৰতো প্ৰৱেশ কৰিছে। ৰমৰমীয়া হৈ উঠিছে এই বেহা। কলেজীয়া ছাত্ৰ-ছাত্ৰীৰপৰা আৰম্ভ কৰি দোকানী-ব্যৱসায়ী সকলোৱে ক্ৰমে এই নতুন ভয়ংকৰ আসক্তিক আকোৱালি লৈছে। ফলত নিচাসক্তজনৰ লগতে ধ্বংসৰ গৰাহলৈ গৈছে একো একোটা নীৰিহ পৰিয়াল।
এনেই এক পৰিৱেশ গঢ়ি উঠাৰ প্ৰৱণতা দেখা গৈছে নগাঁও চহৰত। চিন্তিত হৈ পৰিছে সচেতন মহল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰেপৰা নিতৌ ড্ৰাগছ আসক্তৰ বাতৰি পোহৰলৈ অহাৰ সময়তে নগাঁও চহৰখনৰ চকীটুপৰ ফাঁচীৰোডত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলা আটক হৈছে৷