নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁওস্থিত হনুমান মন্দিৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আয়োজন কৰা হৈছে হনুমান জয়ন্তী উৎসৱ৷ অহা ১১ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুস্থিত হ’ব ৬৫তম বৰ্ষিক উৎসৱটি৷
কাৰ্যসূচী অনুসৰি ১১ এপ্ৰিলৰ পুৱাৰে পৰা পূজা-অৰ্চনাকে ধৰি অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধ্যা ৫.৩০ বজাত উৎসৱটি আনুষ্ঠানিক উদ্বোধন কৰিব শান্তি সেৱা আশ্ৰমৰ গুৱাহাটীৰ সচিব হেমভায়ে৷ ইয়াৰ পিছতে ওৰে নিশা বজৰংগ ভজন মণ্ডলী আৰু পৱন শৰ্মাৰ দ্বাৰা ভজন কীৰ্তন অনুষ্ঠিত হ’ব৷