জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌৰ খেলপথাৰত ডিমৌ আঞ্চলিক যুৱক সংঘৰ উদ্যোগত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত খুটিকটীয়া য়ুথ ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে৷
শনিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলত খুটিকটীয়াই গান্ধিবড়ি যুৱক সংঘক ছয় উইকেটত পৰাজিত কৰে৷ টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা গান্ধিবড়িয়ে নিৰ্ধাৰিত ১২ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৬৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে খুটিকটীয়াই প্ৰয়োজনীয় ৬৫ ৰাণ মাত্ৰ ৬.২ অভাৰত চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷