নগাঁওঃ নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত নগাঁও জিলাৰ সৰ্বস্তৰৰ লোকৰ স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰিছে৷ দিনটোত এবাৰৰ বাবে হ’লেও সূৰ্য দেৱতাই ভূমুকি নামাৰি কেৱল বতৰ গোমা হৈ থকাৰ লগতে কিছু সময়ৰ অন্তৰে অন্তৰে ধাৰাষাৰ বৰষুণেই দি থকাত জিলাখনৰ ঘাইকৈ গ্ৰামাঞ্চলবোৰৰ বাট-পথ বোকা-পানীৰে উপচি পৰি কদৰ্যৰূপ ধাৰণ কৰাৰ বিপৰীতে কৃষিভূমিসমূহ জলমগ্ন হৈ পৰিছে৷
যাৰ পৰিণতিত ৰাইজৰ দৈনন্দিন প্ৰয়োজনীয় কাম-কাজ চলাই নিয়াত ব্যাঘাত জন্মাৰ লগতে কৃষিজীৱি লোকসকল দুঃচিন্তাত পৰিবলগীয়া হৈছে৷ একমাত্ৰ কৃষিকাৰ্যৰে জীৱিকা-নিৰ্বাহ কৰা অধিকাংশ নগঞা কৃষকৰে কৃষিভূমিসমূহ বৰ্তমান বৰষুণৰ পানীত ডুব যাবলৈ আৰম্ভ কৰাত খেতিয়কসকল চিন্তাগ্ৰস্ত হৈ পৰিছে ৷প্ৰকাশ যে,নগাঁৱৰ খেতিয়কসকলৰ প্ৰধান খেতি হ’ল ধানখেতি ৷