68
নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াৰ ষ্টেচন ৰোড পূজাবাৰীত যোৱা নিশা কোনো অজ্ঞাত লোকে প্ৰৱেশ কৰি মন্দিৰত থকা মৃন্ময় মূৰ্তিসমূহ ভাঙি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এই মূৰ্তিসমূহ ভাঙি অঞ্চলটোত কোনে কি বিষবাষ্প বিয়পাব বিচাৰিছে তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জুৰীয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ৰাইজে ইয়াৰ এটা উচিত তদন্ত দাবি কৰিছে৷