নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াৰ ষ্টেচন ৰোড পূজাবাৰীত যোৱা নিশা কোনো অজ্ঞাত লোকে প্ৰৱেশ কৰি মন্দিৰত থকা মৃন্ময় মূৰ্তিসমূহ ভাঙি পেলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এই মূৰ্তিসমূহ ভাঙি অঞ্চলটোত কোনে কি বিষবাষ্প বিয়পাব বিচাৰিছে তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জুৰীয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও ৰাইজে ইয়াৰ এটা উচিত তদন্ত দাবি কৰিছে৷ 

বছৰ বছৰ ধৰি শান্তিৰে বসবাস কৰা জুৰীয়াৰ লোকসকলৰ মাজত কোনে এই কাণ্ড কৰি শান্তি বিঘ্নিত কৰিব বিচাৰিছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন৷ জুৰীয়া আৰক্ষীক অতি শীঘ্ৰে তদন্ত কৰি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে৷