147
নগাঁও টাউনঃ নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘সতীৰ্থ’ৰ উদ্যোগত আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত আগন্তুক বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা হৈছে ‘সেউজ’ শীৰ্ষক এখনি কুইজ প্ৰতিযোগিতা।
সদৌ নগাঁও জিলা ভিত্তিক অনুষ্ঠিত হ’ব লগা আন্তঃবিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা খনিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ লিখিত পৰীক্ষা সমূহ ইতিমধ্যেই জিলা খনৰ বিভিন্ন বিদ্যালয়ত চলি আছে।