জয়ন্ত মুদৈ,নগাঁও

নগাঁওঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠান ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰপৰা এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণৰে স্থানীয় অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ 

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ছফিকুল ইছলামে জানিবলৈ দিয়া মতে, বিদ্যালয়খনৰ পৰা এই বাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল৷ ইয়াৰে মোক্তাৰ হুছেইন আৰু তাৰিক আনোৱাৰে ডিষ্ট্ৰীংচন লাভ কৰি বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে, চাৰিজন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ, সাতজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু পাঁচ জন ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰ হাৰে গৌৰৱ কঢ়িয়াই আনিছে। 

উল্লেখ্য যে ,২০০৬ চনত অঞ্চলটোৰ কেইজনমান শিক্ষাবিদৰ ঐকান্তিক আৰু আশাশুধীয়া চেষ্টাত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খনে বৃহত্তৰ অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱাত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। 'মানুহ গঢ়াৰ মন্দিৰ স্বৰূপ' ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰ এনে সন্তুোষজনক ফলাফলৰ লগে লগেই শিক্ষানুষ্ঠানখনৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিত এক প্ৰকাৰৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।