নগাঁওঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো নগাঁও জিলাৰ বৃহত্তৰ বৰপাথৰি জলাহ-উজৰা শংকৰী কৃষ্টি সমাজৰ নামঘৰ প্ৰাংগণত বৃহস্পতিবাৰৰপৰা তিনি দিনীয়াকৈ এক বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰীশ্ৰী ৰাস মহোৎসৱ উদযাপনৰ দিহা কৰা হৈছে৷
কাৰ্যসূচী অনুসৰি ২২ নৱেম্বৰ পুৱা ৭ বজাত বৰপাথৰি জলাহ উজৰা শংকৰী কৃষ্টি সমাজৰ গন্ধৰ্ব বাদ্য পৰিৱেশন, ২৩ নৱেম্বৰ পুৱা ৫:৩০ ঊষা কীৰ্ত্তন, পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উৎসৱ উদযাপন সমিতিৰ সভাপতি কোষেশ্বৰ বৰাই,১০:৩০ বজাত নামাচাৰ্য গোলাপ চন্দ্ৰ কেন্দ্ৰৰ নেতৃত্বত খোল প্ৰসংগ আৰু নাম-প্ৰসংগ, প্ৰসাদ বিতৰণ, সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলনৰ পাছতে বৰপাথৰি জলাহ উজৰা শংকৰী কৃষ্টি সমাজৰ শিশু সকলৰদ্বাৰা আৰু ইন্দ্ৰমোহন গোস্বামীৰ তত্বাৱধানত প্ৰদৰ্শন কৰা হব শিশুলীলা নাট।