Home সংস্কৃতিবাটৰ বিহুক লৈ উদুলি-মুদুলি বৰক’লাৰ পদুলি

বাটৰ বিহুক লৈ উদুলি-মুদুলি বৰক’লাৰ পদুলি

by News Desk
A+A-
Reset
91bd60d4-af6a-4d32-ae1e-59f3584e7065

নগাঁওঃ বাটৰ বিহুক কেন্দ্ৰ কৰি এতিয়া উদুলি-মুদুলি হৈ পৰিছে নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া বৰক’লা অঞ্চলবাসীৰ পদূলি। অঞ্চলটোক উজ্বলাই তোলা হাৰিয়া নৈৰ পাৰে পাৰে বৈছে উছাহৰ ঢল। আঠটাকৈ সম্প্ৰদায়ে শান্তি-সম্প্ৰীতিৰে বসবাস কৰা বৃহত্তৰ অঞ্চলটোৰ সাংস্কৃতিক সমন্বয়ৰ সেঁতু ‘প্ৰয়াস’ৰ উদ্যোগত আৰু বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৃষ্ঠপোষকতাত বিগত কেইবাদিনো ধৰি অনুষ্ঠিত হৈ থকা বিহু কৰ্মশালাৰ সামৰণিৰ অংশ হিচাপে শনিবাৰে বিয়লি ঐতিহ্যমণ্ডিত বৰক’লা অঞ্চলৰ ছটাকৈ স্থানত পৰিৱেশন কৰা হয় বাটৰ বিহু। 

কৰ্মশালাত অংশগ্ৰহণ কৰা চাৰি কুৰিৰো অধিক প্ৰশিক্ষাৰ্থীক লৈ পৰিৱেশন কৰা এই বাটৰ বিহুৱে হাৰিয়া নৈৰ পাৰে পাৰে উছাহৰ ঢল বোৱাবলৈ সক্ষম হয়। বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ বকুল তলত প্ৰয়াসৰ সভাপতি যুগ প্ৰসাদ বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ পিছতেই এই বাটৰ বিহু আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0