newsnextone.com | বঢ়মপুৰঃ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে আজিও সন্ত্ৰাস অব্যাহত ৰাখিছে ৰাজ্যত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস অব্যহত ৰখাৰ সময়তে বৃহস্পতিবাৰে নিশা নগাঁৱৰ চামগুৰিৰ বালিজুৰি কাজিৰঙাত সন্ত্ৰাস চলাই বনৰীয়া হাতীৰ জাকে।
বনৰীয়া হাতীয়ে বালিজুৰিৰ কাজিৰঙাস্থিত প্ৰাথমিক বিদ্যালয়ৰ গৃহ ভাঙি পেলায়। বিদ্যালয়খনৰ গুদামঘৰত থকা মধ্যাহ্ন ভোজনৰ চাউল ভক্ষণ কৰে। প্ৰায় এপ্তাহৰ ভিতৰতে বালিজুৰিত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, ব্যৱসায় প্ৰতিষ্ঠান আৰু ফাৰ্মাচি ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকে।