নগাঁওঃ অসমৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান ১৫৪ বছৰ গৰকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি শনিবাৰে উদযাপন কৰা হয়৷ পুৱা ৯ বজাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীৰদ্বাৰা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰাৰ পাছতে স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে৷
পুৱা ১০ বজাত নগাঁও চহৰত এটি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা, শিক্ষাবিদ বিমল চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে৷ সভাতেই বিদ্যালয়খনৰ কৃতী ছাত্রসকলক ‘সহপাঠী বন্ধু সমাৰোহ-৫৯’ পূৰ্ণকান্ত ৰাজখোৱা বঁটা, ঘুনুছা ৰাজখোৱা বঁটা, কেপ্টেইন থানেশ্বৰ শৰ্মা পৰাশৰ বঁটা, দীপ্তি গোস্বামী বঁটা প্ৰদান কৰা হয়।