বটদ্ৰৱাঃ ভাৰতত শিশুৰ অধিকাৰ কৰ্মী, নবেল বিজয়ী কৈলাস সত্যাৰ্থীয়ে প্ৰতিষ্ঠা কৰা স্বেচ্ছাসেৱী অনুষ্ঠান বচপন বচাও আন্দোলনৰ সহযোগত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত শিশু দিৱসটি ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হয়। সেই উপলক্ষে বিদ্যালয়খনিৰ সুন্দৰ পৰিৱেশত অনুষ্ঠিত হয় গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান৷

গীত, নৃত্য, বক্তৃতা, আলোচনা-চক্ৰৰে সজাই তোলা বৰ্ণাঢ্য অনুষ্ঠানটো সঞ্চালনা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাংঙে ৷ আদৰণি ভাষণ দিয়ে বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়াই৷ আমন্ত্ৰিত অতিথি হিচাপে চমু বক্তব্যত নগাঁও জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক (সী) ৰুনুমী তেৰাংপীয়ে ছাত্ৰ-ছাত্ৰী সকলক পঢ়া-শুনাৰ লগতে এটি চিন্তাশীল মনোভাবেৰে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলে যাতে নিজৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত হিচাপতকৈ বেছি চাপ সৃষ্টি নকৰে তাৰ বাবে অনুৰোধ জনায়৷
 
সমল ব্যক্তি হিচাপে নগাঁও বাৰ এছ’চিয়েশ্বনৰ  অধিবক্তাদ্বয় পিংকু গোস্বামী আৰু শ্বাহনাজ চুলতানা উপস্থিত থাকি 'বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত শিশুৰ অধিকাৰ' তথা 'শিশুৰ যৌন নিৰ্যাতন প্ৰতিৰোধী আইন' সন্দৰ্ভত ছাত্র-ছাত্রী সকলক আইনৰ বিভিন্ন ধাৰাৰ লগতে বৰ্তমান সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায়।

শিশু বন্ধু, নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে শিশুসকলৰ বাবে স্থাপন কৰা 'বচপন বচাও আন্দোলন' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ ৰাজ্যিক সমন্বয়ক তথা আইন পৰামৰ্শদাতা হিচাপে অনুষ্ঠানত উপস্থিত থাকি ববিতা শইকীয়াই বৰ্তমান সময়ত সমাজৰ অবহেলিত একাংশ শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি উঠি অহা প্ৰজন্মক ধ্বংসৰ পিনে লৈ যোৱা বিষয়টোৰ ওপৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়৷ 

মহাপুৰুষ গুৰুজনাৰ বৰগীত পৰিৱেশনেৰে বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা কলিতাই শুভাৰম্ভ কৰা শিশু দিৱসৰ কাৰ্যসূচীত যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সমবেত গীতটো পৰিৱেশন কৰাৰ লগতে বটদ্ৰৱাৰ ছাত্ৰীসকলে দশৱতাৰ নৃত্য পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে৷ অনুষ্ঠানৰ শেষত শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আকস্মিক বক্তৃতাৰ বিজয়ী প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে উদ্যোক্তাসকলে৷ 

ইপিনে, নগাঁও জিলা পশ্চিমাঞ্চলৰ বিভিন্ন বিদ্যালয়তো আজি শিশু দিৱসটি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰাৰ বাতৰি পোৱা গৈছে৷ শিশু, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি, গীত-নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি দিৱসটি পালন কৰা বুলি জানিব পৰা গৈছে৷