নগাঁওঃ সম্প্ৰতি নগাঁও জিলাৰ ৰেচম বিভাগত দেখা গৈছে চৰম বিফলতাৰ এক নগ্ন ছবি৷ বিশ্ববিখ্যাত এৰী, মুগা আৰু পাট সূতাৰে গঢ় লৈ উঠা অসমৰ ৰেচম শিল্পলৈ নামি আহিছে একপ্ৰকাৰে অশনি সংকেত ৷ কাৰণ দীৰ্ঘদিনে নগাঁৱত ৰেচম বিভাগ উৎপাদনবিহীনভাবে চলি আছে ৷
জানিব পৰা মতে, নগাঁৱত ৰেচম বিভাগৰ প্ৰায় ১৫ খন ৰেচম উৎপাদন কেন্দ্ৰত সুদীৰ্ঘ কাল ধৰি নাম মাত্ৰ উৎপাদন কৰিয়েই বিষয়া-কৰ্মচাৰীসকলে ভোগ কৰি আহিছে প্ৰাপ্য দৰমহা ৷ প্ৰাপ্ত তথ্য মতে, ২০১০-১১ ৰ পৰা ২০১৪-১৫ বৰ্ষলৈ প্ৰতিখন ৰেচম পামৰ বাবে বাৰ্ষিক আবন্টিত ধনৰ পৰিমাণৰ বিপৰীতে আয়ৰ পৰিমাণ তেনেই পুতৌজনক ৷