নগাঁওঃ নগাঁও জিলাৰ চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ২৫ মে’(১০ জেঠ)ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে স্থানীয় চকলাঘাট ৰাস মন্দিৰ প্ৰেক্ষাগৃহত উদযাপনৰ দিহা কৰা হৈছে৷ তদনুযায়ী ৰঞ্জিৎ শইকীয়াক সভাপতি, গিৰিকান্ত বৰাক কাৰ্যকৰী সভাপতি, পৱনজিৎ ভূঞাক সম্পাদক আৰু সঞ্জীৱ বৰাক সহঃ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠনেৰে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷
উদযাপন সমিতিয়ে যুগুত কৰা কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৯ বজাৰপৰা বিহুৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণৰ অন্তত পৰিবেশ সজাগতাৰ দৰে উদ্দেশ্য আগত ৰাখি বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ দুপৰীয়া ১২-৩০ বজাৰপৰা জেং বিহু আৰু হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷