নগাঁওঃ “মৃত্যু চিৰন্তন সত্য৷ এই চিৰন্তন সত্যক কোনেও বাধা দিব নোৱাৰে ৷ কিন্তু মানুহে নিজৰ সৃষ্টিশীল কৰ্মযজ্ঞৰ দ্বাৰা মৃত্যু জয় কৰি মৃত্যুঞ্জয়ী হৈ ৰ’ব পাৰে ৷” জাগৃত্ৰি এণ্টাৰটেইনমেণ্টৰ উদ্যােগত আজি নগাঁও প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত বিশিষ্ট অভিনেতা বিক্ৰম হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপক এক অনুষ্ঠানত কণ্ঠশিল্পী কাকলি শইকীয়াৰ “অ’ বতাহ” শীৰ্ষক শ্ৰব্য গীতটিৰ শুভ উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি উল্লেখিত মন্তব্য কৰে প্ৰবীণ শিল্পী তথা স্বনামধন্য তবলাবাদক যজ্ঞ বেজবৰুৱাই ৷
সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে সামগ্ৰীক ভাৱে আঁত ধৰা শ্ৰব্য গীতৰ অনুষ্ঠানটিত “অ’ বতাহ” নামৰ কালজয়ী গীতটোৰ দৃশ্য শ্ৰব্যটি উন্মোচন কৰি অভিনেতা পুত্ৰ বিক্ৰম হাজৰিকাৰ স্মৃতি ৰোমন্থনেৰে মাতৃ তথা একালৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰভা হাজৰিকা আবেগবিহ্বল হৈ পৰে ৷ পুত্ৰৰ অনুপস্থিতিত হ’লেও পুত্ৰৰ আশা আজি পূৰণ হোৱা বুলি ব্যক্ত কৰি মাতৃ হাজৰিকাই দুচকু মচি তাৰ সৃষ্টিৰেই এয়া সফল মূল্যায়ন হোৱা বুলি শোকদগ্ধ হৃদয়েৰে প্ৰকাশ কৰে ৷