নগাঁওঃ নগাঁও জিলাৰ কলিয়াবৰৰ মিছা পানীগাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ডম্বৰুধৰ মেধিয়ে মঙলবাৰে পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷ বাৰ্ধক্যজনিত ৰোগত ৮৩ বছৰ বয়সত মৃত্যু হয় মেধিৰ৷ 

সুদক্ষ অভিনেতা, সমাজ সংগঠক তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে কলিয়াবৰত৷ ডম্বৰুধৰ মেধিৰ নশ্বৰদেহ মিছা পানীগাঁৱৰ নিজ বাসগৃহলৈ অনাৰ পাছতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ আৰু দুই জীয়ৰীক ইহসংসাৰত এৰি থৈ গৈছে৷