নগাঁওঃ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দুবছৰৰ পিছতো নগাঁও জিলাৰ উজৰাগাঁৱত স্থাপিত আদৰ্শ চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ’ল৷ পৰিণতিত বৃহত্তৰ উজৰাগাঁৱৰ লগতে ইয়াৰ পাৰ্শ্ববৰ্তী ৰণথলী, জলাহ, পাথৰি, পানীখাইতীকে প্ৰমুখ্য কৰি এক বৃহৎ এলেকাৰ গঞা ৰাইজ প্ৰয়োজনীয় চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ আহিবলগীয়াত পৰিছে৷ যাক লৈ বৰ্তমান ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ হৈছে৷
স্মৰ্তব্য যে, ১৯৮৯ চনত তদনীন্তন অগপ চৰকাৰৰ দিনত গঞা ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উজৰাগাঁৱত ৩০ খন বিচনাযুক্ত এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও প্ৰয়োজনীয় ভূমিৰ অভাৱত দীৰ্ঘদিন ধৰি ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাছিল৷