নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ শিমলুআটি অঞ্চলৰ এজন উদীয়মান যুৱকৰ বহিঃ ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত তথ্য মতে, তিনিমাহ পূৰ্বে শিমলুআটিৰ প্ৰয়াত হুচেন আলীৰ পুত্ৰ আব্দুল চালাম (২৭ ) লগৰীয়াৰ লগত কৰ্মসংস্থাপন বিচাৰি চেন্নাইৰ পুনিয়াৰীলৈ গৈছিল। তাতেই যুৱকজনে ‘এলেমপাঠ চাৰ্ভিছ চেন্টাৰ’ত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল। যোৱা ৮ ডিচেম্বৰত দুপৰীয়া ১২ বজাত ‘এলেমপাঠ ছাৰ্ভিচ চেন্টাৰ’ত বৈদ্যুতিক সামগ্ৰীৰে কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকজনে কৰুণ মৃত্যুক আকোৱালি লয়।