newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি-বগৰীখুটি-মহেন্দ্ৰনগৰ সংযোগী পথৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক জীয়তু ভোগাই আহিছে। প্ৰায় ১২-১৩ বছৰ পূৰ্বে নাগ্ৰীজুলিৰ গগন চ’কৰ পৰা বগৰীখুটি-শৰ্মা চ’ক-হস্তীনাপুৰ হৈ ভাৰত-ভূটান সীমান্তৰ মহেন্দ্রনগৰ (গুৱাবাৰী) বজাৰলৈ প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল।
কিন্তু নিৰ্মাণৰ পিছত পথছোৱা এবাৰো মেৰামতি নকৰাৰ ফলতেই অতি সম্প্ৰতি নাগ্ৰীজুলিৰ পৰা গুৱাবাৰীলৈ বিস্তৃত এই গুৰুত্ত্বপূৰ্ণ পথছোৱা সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে। প্ৰতিদিনে বৰনদী শিল-বালি মহলৰ পৰা বহু সংখ্যক ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিয়ে অতিৰিক্ত বোজাই দি শিল-বালি কঢ়িওৱাৰ ফলত পথছোৱা বিধস্ত হৈ পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ।