নতুন দিল্লী/গুৱাহাটীঃ ৰাজধানী দিল্লীত শীতৰ লহৰ। তাপমাত্ৰা দিনৰ ১২ বজা পৰ্যন্ত ১৪-১৫ ডিগ্ৰী। ফিৰফিৰিয়া বতাহ বলিছে। হাড় কপোৱা এনে জাৰৰ মাজতে সোমবাৰে হঠাৎ উত্তাল হৈ পৰে ব্যস্ত বিজয় চক।
শিলচৰত কৰা ঘোষণাৰ পিছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ দাখিল কৰিবলৈ যো-জা চলোৱাৰ সময়তে আজি পুৱাই শ শ প্ৰতিবাদকাৰী দিল্লীৰ ৰাজপথলৈ ওলাই আহে। কৃষক মুক্তি সংগ্ৰাম সমিতসহ ৬৯টা দল-সংগঠনৰ শ শ সদস্যই সাব্যস্ত কৰা এই প্ৰতিবাদ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে উক্ত স্থানত নিয়োজিত নিৰাপত্তাৰক্ষীসকল।