নলবাৰীঃ দুৰ্নীতিৰ বিৰুদ্ধে যেন সস্তম ৰাজ্যৰ বিজেপি চৰকাৰ৷ অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি কেইবাগৰাকী এচিএছ-এপিএছ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ সময়তে নলবাৰী জিলা কৃষি বিভাগৰ বিতৰ্কিত কাৰ্যবাহী অভিযন্তা মৌচুমী দাসক নিলম্বন কৰে ৰাজ্য চৰকাৰে। বিভাগৰ আয়ুক্ত সচিবে বৃহস্পতিবাৰে বিয়লি অভিযন্তা গৰাকীক নানা দুৰ্নীতি, অনিয়মৰ অভিযোগত নিলম্বিত কৰে বুলি জানিব পৰা গৈছে।
মাহত আঠ-ন দিন হে কাৰ্যালয়ত উপস্থিত থকা কাৰ্যবাহী অভিযন্তা জনে তলতীয়া বিষয়া-কৰ্মচাৰীক অভব্য আচৰণ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ বিগত তিনিমাহ পূৰ্বে মৌচুমী দাসে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক অশ্লীল ব্যৱহাৰ কৰাৰলগতে আন কৰ্মচাৰীৰ হতুৱাই মাৰপিট কৰিছিল। ইমানতে ক্ষান্ত নাথাকি কৰ্মচাৰী জনৰ পত্নীক ফোনেৰে ভাবুকি দিছিল কাৰ্যবাহী অভিযন্তা জনে। পিছত কৰ্মচাৰী জনে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে৷