Home সংস্কৃতিনলবাৰী তেৰেছিয়া মিলনজ্যৌতি সংঘৰ ৰঙালী বিহু সামৰণি

নলবাৰী তেৰেছিয়া মিলনজ্যৌতি সংঘৰ ৰঙালী বিহু সামৰণি

by News Desk
A+A-
Reset
d6004994-b13f-4a68-94df-d61e85d37f1c

নলবাৰীঃ নলবাৰীৰ তেৰেছিয়াত দুদিনীয়াকৈ মিলন জ্যৌতি সংঘৰ সৌজন্যত আয়োজিত ৰঙালী বিহু সন্মিলনখন শনিবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰে৷

যুৱ নেতা পাৰ্থ প্ৰতীম হালৈ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিহু সন্মিলনৰ কাৰ্যসূচী মতে  ৯ মে’ৰ পুৱা সংঘ, বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন, প্ৰতিষ্ঠাপক সভাপতিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, বৃক্ষৰোপন, খেল-ধেমালি, চিত্ৰাংকন প্ৰতিযোগিতা। আবেলি বন্তি প্ৰজ্বলন, মৌ মেল, সম্বৰ্ধনা অনুষ্ঠান হয়। ১০ মে’ৰ দিনা পুৱা ভেশচন, স্বচ্ছ ভাৰত অভিযান। সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই। ইয়াৰ পাছতে উদযাপন সমিতিৰ সভাপতি সুশান্ত নাৰায়ণ চৌধুৰী, সাধাৰণ সম্পাদক ভূপেন ডেকা, অধ্যাপক ডাঃ বিকাশ নাৰায়ণ চৌধুৰী, কাৰ্যবাহী  অভিযন্তা দেৱেশ চক্ৰৱৰ্তী, বিষয়ববীয়া ৰজনী বৰ্মন, লোহিত হালৈ, ৰবীন্দ্ৰ বৈশ্য, জ্যৌতি প্ৰকাশ বৈশ্য, প্ৰণৱ কুমাৰ ডেকা, বিজু দত্ত, ৰিংকু বৰুৱাসহ বহু সংখ্যক ৰাইজৰ উপস্থিতিত অঞ্চলটোৰ তেৰ গৰাকী সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক ৫০০০ হাজাৰকৈ নগদ ধনৰ লগতে গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয় আৰু অসমীয়াত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক নগদ এক হাজাৰকৈ ধনৰ লগতে গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0