108
নলবাৰীঃ নলবাৰী চহৰত ই-ৰিক্সাৰ দৌৰাত্ম্যত নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা৷ কিন্তু নলবাৰী সদৰ যান-বাহন আৰক্ষীৰ দৰে এটা বিভাগ থকাৰ পাছতো কোনো ধৰণৰ নিয়ন্ত্ৰন নাই ৷
তথ্য মতে, মঙলবাৰে দিনৰ ১ বজাত চহৰখনৰ হাজো পথত একে দিশৰপৰা এখন যন্ত্ৰ চালিত ৰিক্সা আৰু ই-ৰিক্সাৰ মাজত খুন্দা লগাৰ ফলত চাৰি গৰাকীকৈ যাত্ৰী মাটিত বাগৰি পৰি গুৰুতৰভাৱে আহত হয়৷