নলবাৰীঃ তৰুণ প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত হ’ব লাগে আৰু কবিতাৰ বাবে যথেষ্টখিনি অধ্যয়ন কৰিব লাগিব৷ নলবাৰীত সময়ৰ লগে লগে বহুকেইজন কবি আজি প্ৰতিষ্ঠিত হৈছে। এয়া একমাত্ৰ অধ্যয়নৰ ফলতেই হ’ব পাৰিছে৷ বৰ্তমান সমাজত একাংশই সামাজিক মাধ্যমতে তেওঁলোকৰ সাহিত্য, কবিতা চৰ্চা আছে যদিও তাৰেই একাংশ আজি ঢৌ উটি ভাহি গ’ল৷ কিন্ত কবিতা, সাহিত্য চিৰস্থায়ী হোৱাৰ বাবে নতুন প্ৰজন্মক আহ্বান জনায় এই বক্তব্য বিশিষ্ট ঔপন্যাসিক, প্ৰবন্ধকাৰ পংকজ গোবিন্দ মেধিৰ৷
তেওঁ লগতে ইয়াকো প্ৰকাশ কৰে যে অসমৰ প্ৰতিজন কবিয়ে নিজৰ নিজৰ জীৱনত তেওঁৰ সাহিত্য চৰ্চাত মৃত্যু দেখে, কিন্ত সেয়া তেওঁ কেতিয়াও নিবিচাৰে৷ সেই বাবেই তেওঁ সকলোকে ধ্ৰুপদী সাহিত্য চৰ্চা কৰাৰ আহ্বান জনায়৷ নলবাৰী চ’কবজাৰস্থিত আগশাৰীৰ অনুষ্ঠান শংকৰদেৱ একাডেমিত বুধবাৰে অসম প্ৰতিষ্ঠানৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমিৰ সহযোগত উদিয়মান কবি অম্লান জ্যোতি তালুকদাৰৰ ‘ডায়েৰী পাতৰ শ্বায়েৰী’ নামৰ কবিতা পুথি এখন উন্মোচন কৰে৷