নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিলেছাৰ শ্ৰীশ্ৰী কালী দেৱালয়ত অহা ৬ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শ্যামা পূজাৰ অায়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন, ৭ বজাত ছহিদ তৰ্পন, ৮ বজাত বৃক্ষ ৰোপণ, ৯ বজাত জল অনায়ন, ১০ বজাত শোভাযাত্ৰা, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৫ বজাত অাৰতি প্ৰদান, ৬ বজাত নাগাৰাৰ নাম, ৬-৪৫ বজাত অাতচবাজী প্ৰদৰ্শন, নিশা ১০ বজাত শ্যামা পূজা অাৰাম্ভ অাৰু ওজাপালি প্ৰদৰ্শন, নিশা ১ বজাত পূজা সমাপন অাৰু প্ৰসাদ বিতৰণ, নিশা ১-৩০ বজাত ৰাজহুৱা ভোগ বিতৰন কৰা হ’ব। শ্যামা পূজাখনত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে বালিলেছা কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি অজিত মহন্ত, কাৰ্যকাৰী সভাপতি তৰুণ সেনডেকা অাৰু সম্পাদক জিতুমনি ডেকাই।