নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিলেছাৰ শ্ৰীশ্ৰী কালী দেৱালয়ত অহা ৬ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে শ্যামা পূজাৰ অায়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন, ৭ বজাত ছহিদ তৰ্পন, ৮ বজাত বৃক্ষ ৰোপণ, ৯ বজাত জল অনায়ন, ১০ বজাত শোভাযাত্ৰা, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৫ বজাত অাৰতি প্ৰদান, ৬ বজাত নাগাৰাৰ নাম, ৬-৪৫ বজাত অাতচবাজী প্ৰদৰ্শন, নিশা ১০ বজাত শ্যামা পূজা অাৰাম্ভ অাৰু ওজাপালি প্ৰদৰ্শন, নিশা ১ বজাত পূজা সমাপন অাৰু প্ৰসাদ বিতৰণ, নিশা ১-৩০ বজাত ৰাজহুৱা ভোগ বিতৰন কৰা হ’ব। শ্যামা পূজাখনত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে বালিলেছা কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি অজিত মহন্ত, কাৰ্যকাৰী সভাপতি তৰুণ সেনডেকা অাৰু সম্পাদক জিতুমনি ডেকাই।
62
previous post