নলবাৰীঃ নলবাৰী জিলাৰ বৰকুৰিহাত মহিলাৰ মৰ্চাৰদ্বাৰা এক ব্যতিক্ৰমী ব’হাগী উৎসৱ উদযাপন কৰা হয়।
দেওবাৰে পুৱা ৭ বজাত চাফাই অভিযান, ৮ বজাত পতকা উত্তোলন, ৯ বজাত খেল-ধেমালি প্ৰতিযোগিতা, ১০ বজাত চিএাংকন প্ৰতিযোগিতা, ১১ বজাত ভেকশ্যন প্ৰতিযোগিতা, দিনৰ ১ বজাত লাৰু-পিঠা প্ৰতিযোগিতা, আবেলি ৩ বজাত বোৱাৰী আৰু ছোৱালীৰ মাজত ফেশ্ব’ন প্ৰতিযোগিতা, ৫ বজাত বঁটা বিতৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।