ডিব্ৰুগড়ঃ ব্ৰহ্মপুত্র উপত্যকাৰ সভ্যতা আৰু ইয়াৰ প্ৰচুৰ সম্ভাৱনীয়তাক বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে ৩১ মাৰ্চৰ পৰা ডিব্ৰুগড়ৰ কছাৰীঘাটত উদযাপন হ’বলগীয়া পাঁচদিনীয়া নামামি ব্ৰহ্মপুত্র মহোৎসৱত সকলো শ্ৰেণীৰ লোকৰ সহযোগিতা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰীয়ে কামনা কৰিছে৷
উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ কাছাৰীঘাটত নামামি মহোৎসৱ উদযাপনৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে ডিব্ৰুগড়বাসীৰ যৌথ সহযোগত ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ মহোৎসৱৰ সৈতে সংগতি ৰাখি কেবাটাও আকৰ্ষণীয় কাৰ্যসূচী চূড়ান্ত কৰা হৈছে৷ যাৰ ভিতৰত বায়ুসেনাৰ উৰণশৈল্য প্ৰদৰ্শন, বলুকা শিল্প প্ৰদৰ্শন, হট এয়াৰ বেলুন ৰাইড, ডিব্ৰুগড় জিলাৰ সমীপৱৰ্তী বিভিন্ন উল্লেখনীয় স্থান যেনে এয়াৰ ফ’ৰ্চ ষ্টেচন, বি চি পি এল, চাহ বাগিচা আদি পৰিদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷