কলিয়াবৰঃ নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। মঞ্চ উদ্ধোধনৰ লগতে বন্তি প্ৰজলন কৰে কলিয়াবৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী গিৰীন্দ্ৰ দেৱ গোস্বামীয়ে।
ইয়াৰ লগে লগে আৰম্ভ হয় নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ৷ উখল-মাখল পৰিৱেশ এতিয়া শিলঘাটত চৌদিশে এতিয়া নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ আনন্দ৷ ঐতিহাসিক কলিয়াবৰৰ শিলঘাটত নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ বিশেষ আৰ্কষণ ঐতিহাসিক অশোকাষ্টমী মেলা৷ বহু লোকৰ সমাগমেৰে উদুলি-মুদুলি শিলঘাট৷