নাৰায়ণপুৰঃ এগৰাকী শিল্পী। যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে জীৱন্ত ছবি। শিল্পীগৰাকী নাৰায়ণপুৰ শিমলুগুৰিৰ জ্যোতি বুঢ়াগোহাঁই । শিল্প কৰ্মৰ জৰিয়তেই নিজে স্বনিৰ্ভৰশীল হোৱাৰ লগতে ৰাইজকো দেখুৱাইছে স্বাৱলম্বী হোৱাৰ পথ। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা শিল্পীজনে চাৰু কাৰু কলাৰ ক্ষেত্ৰত লৈছে এক ব্যত্তিক্ৰমী প্ৰচেষ্টা।
কেনভাছ কাগজৰ বাহিৰেও পেলনীয়া সা-সামগ্ৰীৰে কিদৰে ফুলদানিৰ লগতে শিশুৰ খেলাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰাৰ লগতে কেনেদৰে পেলনীয়া সামগ্ৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি তাৰ এক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আহিছে শিল্পীগৰাকীয়ে। মহিলাসকলক ঘৰতে বহি স্বাৱলম্বী হ’ব পৰাকৈ কাপোৰত ফেব্ৰিক কৰি কি দৰে সৌন্দৰ্য্য বঢ়াই বজাৰত বিক্ৰী কৰি লাভৱান হব পাৰে তাৰো এক চেষ্টা চলাই আহিছে এইগৰাকী শিল্পীয়ে।