53
নগাঁও টাউনঃ সোমবাৰে বিয়লি প্ৰায় ২.৩০ বজাত ইউনাইটেড বেংক অব্ ইণ্ডিয়াৰ জাজৰি শাখাত বিদ্যুত সেৱাৰ বিকল্প সেৱা ৰূপে ব্যৱহৃত জেনেৰেটৰৰ কোঠাৰ পৰা হঠাৎ ব্যাপক হাৰত ধোঁৱা নিৰ্গত হ’বলৈ ধৰে৷
সেই সময়ত বিদ্যুৎ সেৱা ব্যাহত হৈ থকাৰ বাবে জেনেৰেটৰৰ ব্যৱস্থা সক্ৰিয় হৈ আছিল৷ তৎমূহুৰ্ততে বেংকত উপস্থিত গ্ৰাহক তথা কৰ্মচাৰীৰ মাজত হুৱাদুৱা লাগে৷