কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ জয়পুৰ মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰ প্ৰাংগণত আজি আদিবাসী জাতীয় অভিৱৰ্তন চমুকৈ এএনচিৰ উদ্যোগত ১৬২ তম ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱস তথা হুল দিৱস উদযাপন কৰা হয়। জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আদিৱাসী সংহতি দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী ফাগ্গাান সিং কুলাস্তিয়ে আদিৱাসীসকলৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন জনায়।
ভাৰতৰ আন ৰাজ্যত আদিৱাসী সকল জনজাতিকৰণৰ মৰ্যদা ভোগ কৰি আছে অথচ অসমত বসৱাস কৰা আদিৱাসীসকল জনজাতিকৰণৰ বাবে আন্দোলন কৰি আছে বুলি মন্তব্য কৰি এক ৰাষ্ট্ৰত এক নিয়মৰ পোষকতাা কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ফাগ্গান সিং কুলাস্তিয়ে।