নাওকাটাঃ অৰণ্যৰ পৰা আহি জনাৰণ্যত পালেহি ৰাষ্ট্ৰীয় পক্ষী৷ এই ময়ুৰ পক্ষীটো শনিবাৰে পুৱা উদ্ধাৰ হয় বাক্সা ফহুৰাবাৰী গাঁৱত৷ অৱশ্যে গছ-বন কাটি তহিলং কৰাৰ লগতে পাহাৰ ধ্বংস কৰি মানুহে বসবাস কৰিব লোৱাত জীৱ-জন্তুৱে থাকিবলৈ ঠাই নোপোৱা হৈছে। যাৰ বাবে খাদ্য আৰু আশ্ৰয়ৰ বাবে সুৰক্ষিত ঠাই বিচাৰি অনাই-বনাই ঘুৰি ফুৰিবলগা হৈছে জীৱ-জন্তু, চৰাই-চিৰিকিতি৷
পুৱা গাঁওখনৰ কান্ত দাস নামৰ লোক এজৱৰ ঘৰৰ মূধচত প্ৰত্যক্ষ কৰে ময়ুৰটো পৰিয়ালৰ লোকে৷ পিচত গাঁৱৰ একাংশলোকে ময়ুৰটো ধৰি বন বিভাগক গতাাই দিয়ে। ৰাষ্ট্ৰীয় পক্ষীটো ভূটান পাহাৰৰ গাতে লাগি থকা বৰনদী অভয়াৰণ্য বা বগামাটি অঞ্চলৰপৰা ওলাই অহা বুলি অনুমান কৰা হৈছে ৷ দুষ্প্ৰাপ্য পক্ষীটোক বন বিভাগক গতাই দি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে গাঁওবাসীয়ে৷