বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নয়াহাটত মহামায়া ব্লক কংগ্ৰেছৰ সভানেত্ৰীক পহু খেদা, টিকট বঞ্চিত প্ৰাৰ্থীৰ লগতে ৰাইজে ভাঙিলে সভানেত্ৰী সাবানা আখতাৰৰ চাৰিচকীয়া বাহন। ঘটনাৰ বিৱৰণী মতে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত তথা মহামায়া ব্লক কংগেছৰ সভানেত্ৰী সাৱানা আখতাৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলগা টিকট প্ৰত্যাশী দলীয় প্ৰাৰ্থীৰ পৰা টিকট দিয়াৰ নামত একোএকো জনৰ পৰা মোটা অংকৰ ধন লোৱা বুলি অভিযোগ কৰা বঞ্চিত প্ৰাৰ্থী সকলে ক্ষোভত জ্বলি-পকি থকাৰ সময়তে আজি সন্ধিয়া আনুমানিক ছয় মান বজাত নয়াহাটত তেখেতক ৰাইজে হাতে লোটে ধৰি ক্ষোভৰ বহিঃপ্রকাশ ঘটোৱাৰ লগতে বঞ্চিত প্ৰাথী আৰু ৰাইজে মিলি সাৱানা আখতাৰক আৱদ্ধ কৰি তেখেতৰ গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে ।
114