লিডুঃ  ভাৰত আৰু ম্যানমাৰ সীমান্তবৰ্তী এলেকা অৰুণাচল প্ৰদেশত ৯ জনকৈ দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে । আটক কৰা কেডাৰ  কেইজনৰ মাজত ৫ জন যুৱকৰ সৈতে ৪ গৰাকী যুৱতীও আছে । উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন , দাহ ডিভিজন, অসম ৰাইফলচ আৰু অৰুণাচল আৰক্ষীৰ এটা বৃহৎ দলে বিশেষ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত যৌথ ভাবে অভিযান চলাই  যোৱাকালি আটক কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰে সু-সজ্জিত ৯ জনকৈ দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰক। 

এই অভযানত আটক হোৱা কেডাৰ কেইজন ক্ৰমে সুলেখা ব্ৰক্ষ্ম ওৰফে বি চানচুলি ( ২২) চিৰাং জিলা, সুমুৰীয়া নাৰ্জাৰী ওৰফে এন চুইখামা  (২০) চিৰাং, গাওদাং মোচাহাৰী ওৰফে এম গৌতুমা  (১৯) কুকুৰাঝাৰ , ৰীতা স্বৰ্গীয়াৰী ওৰফে এছ উইৰোব (২০)শোণিতপুৰ, ৰাজেশ বসুমতাৰী (২০) চিৰাং, ৰতজনা নাৰ্জাৰী ওৰফে এন দানিউচিলাং (২২) চিৰাং, মণিৰাম বসুমতাৰী ওৰফে বিমাওফুং (২৬) শোণিতপুৰ, দিলীপ নাৰ্জাৰী ওৰফে এন দুইজলাং (২৩) কোকৰাঝাৰ , বিনাৰাম নাৰ্জাৰী ওৰফে এন বিবাৰ (২১) কোকৰাঝাৰ জিলাৰ । 

এই বৃহৎ উগ্ৰপন্থীৰ দলটোৰ পৰা সেনা-আৰক্ষীয়ে এ কে ৫৬ ৰাইফল , এ কে ৫৬ ৰ এটা মেগজিন, এটা এ কে ৪৭ ৰাইফলসহ মেগজিন দুটা, এটা ৭.৬৫ পিষ্টলসহ মেগজিন এটা , দুটা .২২ পিষ্টলসহ মেগজিন দুটা ,এটা ৭.৬২ ব’ৰৰ ৰিভলভাৰ,  এটা ৯ এম এম পিষ্টল , এটা ৭.৬২ এম এম চিঙ্গল শ্বট পিষ্টল , ৭৮ ৰাউণ্ড সজীৱ গুলি, ১৫ হাজাৰ ম্যানমাৰৰ টকা আৰু বৃহৎ পৰিমাণৰ সামৰিক পোচাক জব্দ কৰে ।

 

আটক কৰা কেডাৰ কেইজনক অৰুণাচল আৰক্ষীয়ে গোচৰ নং 14/18/U/S- 120(B) /121 IPC R/W Sec 10/13 UAP Act & 25(1-B)(A) Arms ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে। আজি কেইমাহমানৰ পূৰ্বে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰা দুবাৰকৈ ভাৰতীয় সেনাই কেইবাজনো এন দি এফ বি কেডাৰ আটক কৰিছিল । উল্লেখযোগ্য যে অসম আৰু অৰুণাচল সীমান্তত প্ৰায় আলফা আৰু এন এছ চি এনৰ মুক্ত বিচৰণৰ পাছতেই যেন এন ডি এফ বি উগ্ৰপন্থী সকলো সক্ৰিয় ভাবে অসম আৰু অৰুণাচলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে তাক লৈ ভাৰতীয় সেনা, অসম আৰু অৰুণাচলৰ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ মাজত চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে ।

উজ্জল চৌধুৰী,লিডু