লিডুঃ ভাৰত আৰু ম্যানমাৰ সীমান্তবৰ্তী এলেকা অৰুণাচল প্ৰদেশত ৯ জনকৈ দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা আৰু অৰুণাচল আৰক্ষীয়ে । আটক কৰা কেডাৰ কেইজনৰ মাজত ৫ জন যুৱকৰ সৈতে ৪ গৰাকী যুৱতীও আছে । উল্লেখযোগ্য যে ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন , দাহ ডিভিজন, অসম ৰাইফলচ আৰু অৰুণাচল আৰক্ষীৰ এটা বৃহৎ দলে বিশেষ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত যৌথ ভাবে অভিযান চলাই যোৱাকালি আটক কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰে সু-সজ্জিত ৯ জনকৈ দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰক।
এই অভযানত আটক হোৱা কেডাৰ কেইজন ক্ৰমে সুলেখা ব্ৰক্ষ্ম ওৰফে বি চানচুলি ( ২২) চিৰাং জিলা, সুমুৰীয়া নাৰ্জাৰী ওৰফে এন চুইখামা (২০) চিৰাং, গাওদাং মোচাহাৰী ওৰফে এম গৌতুমা (১৯) কুকুৰাঝাৰ , ৰীতা স্বৰ্গীয়াৰী ওৰফে এছ উইৰোব (২০)শোণিতপুৰ, ৰাজেশ বসুমতাৰী (২০) চিৰাং, ৰতজনা নাৰ্জাৰী ওৰফে এন দানিউচিলাং (২২) চিৰাং, মণিৰাম বসুমতাৰী ওৰফে বিমাওফুং (২৬) শোণিতপুৰ, দিলীপ নাৰ্জাৰী ওৰফে এন দুইজলাং (২৩) কোকৰাঝাৰ , বিনাৰাম নাৰ্জাৰী ওৰফে এন বিবাৰ (২১) কোকৰাঝাৰ জিলাৰ ।